Class 10 Assamese Chapter 1: বৰগীত – শ্ৰীশ্ৰীমাধৱদেৱ

বৰগীত

ৰাগঃ বসন্ত

শ্ৰী শ্ৰীমাধৱদেৱ

হৰি হেৰৰে বাপ পশিললা শৰণে ।
নেৰিবা বান্ধৱ মােক জীৱনে মৰণে । ।
সনক সনন্দ যােগী যাহাকু ধিয়ায় ।
সকল নিগমে যাক বিচাৰি নপায় । ।
সহস্র বয়নে যাৰ নপাৱন্ত সীমা । ।
অধমে জানিবাে কেনে তােমাৰ মহিমা । ।
আতুৰ ভৈলােহে হৰি বিষয় বিকলে ।
কৰিয়ে উদ্ধাৰ মােক চৰণ কমলে । ।
তােমাৰ চৰণ দুই মােৰ মহা ধন ।
ভকত জনেৰ নিজ তুমিসে জীৱন । ।
কৃপাৰ সাগৰ কৃপা কৰা এক বাৰ ।
কাতৰ কৰিয়া লৈলাে শৰণ তােমাৰ । ।
কৃপা কৰা নাৰায়ণ ছােড় মােহ পাশ ।
কহয় মাধৱ হৰি দাসকু দাস । ।

ভাৱ বিষয়কঃ

) চমুকৈ প্ৰশ্নৰ উত্তৰ দিয়াঃ

(ক) ”……নেৰিবা বান্ধৱ মোক জীৱনে মৰণে ।”
কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে?
উঃ কবিয়ে হৰিক অৰ্থাৎ ভগৱানক জীৱনে মৰণে নেৰিবৰ কাৰণে অনুৰোধ কৰিছে।

(খ) ”……সনক সনন্দ যোগী যাহাকু ধিয়ায় ।”
সনক, সনন্দ আদি যোগীসকলে কাক ধ্য়ান কৰে বুলি কৈছে ।
উঃ সনক , সনন্দ আদি যোগীসকলে হৰি অথণ্য় ভগৱান শ্ৰীকৃষ্ণক ধ্যান কৰে বুলি কৈছে।

(গ) কবি কিহত আতুৰ হোৱা বুলি কৈছে?
উঃ কবি সাংসাৰিক দুখ, বিষয় বাসনাত আতুৰ হোৱা বুলি কৈছে।

(ঘ) বৰগীতটি কোনে ৰচনা কৰা?
উত্তৰঃ বৰগীতটি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা ।

(ঙ) বৰগীতটি কি ৰাগত বন্ধা আছে ?
উত্তৰঃ বৰগীতটি বসন্ত ৰাগত বন্ধা আছে।

(চ) কবিয়ে ‘বান্ধৱ’ বুলি কাক সম্বোধন কৰিছে।
উত্তৰঃ কবিয়ে হৰিক ‘বান্ধৱ’ বুলি সম্বোধন কৰিছে।

(ছ) ‘মোহ-পাশ” মানে কি?
উত্তৰঃ ‘মোহ-পাশ” মানে মায়াৰ বান্ধোন অৰ্থাৎ আকাংক্ষা, জাগতিক লোভ আদি মায়াজালৰ বন্ধন।

2) বৰগীতটিৰ মূলভাৱ লিখা।
উত্তৰঃ হৰিয়েই ভকতৰ জীৱনৰ সবস্ব, তেঁৱেই সকলোৰে পৰম বান্ধৱ। তেঁওৰ অভয় চৰণত শৰণেৰে সংসাৰ নিকাৰৰ পৰা মুক্তিদানৰ কাকুতি কবিতাটোৰ মুলভাৱ।
কবি সংসাৰিক মুখৰ থলীৎ এই সংসাৰৰ সকলো যন্ত্ৰণাৰ উৎস । সাংসাৰিক মায়াই জীৱক বিষয় মুখত নিমগ্ন কৰে আৰু জীৱ নানা পাপৰ্কমৎ ৰত হয়। আৰু জীৱন এনেদৰে হৈ পৰে যন্ত্ৰণাদায়ক। মৃত্যু পযন্ত জীৱই ভোগ কৰে সংসাৰৰ যন্ত্ৰণা। দূখ যন্ত্ৰণাত জীৱই যি কোনো এটা সময়ত জীৱনৰ ক্ষণস্থায়িত্ব উপলব্ধি কৰে। আৰু তাৰ পৰা পৰিত্ৰাণৰ উপায় বিচাৰি হাহাকাৰ কৰি ঘূৰে। আত্মপোলব্ধিৰে বুজি উঠে যে এই সংসাৰৰ যন্ত্ৰণাৰ পৰা মুক্তিৰ পথ দেখুৱাব পাৰে কেৱল শ্ৰী হৰিয়ে। কবিৰ ক্ষেত্ৰতো এই একেটা কথাই প্ৰযোজ্য।
হৰিৰ মহিমা অপাৰ। সনক, সনন্দ সিদ্ধ মহামুনিগণেও হৰিৰ মহিমা বুজিবৰ বাবে গভীৰ ধ্যানত নিমগ্ন হৈছিল। তেওঁৰ প্ৰকৃত মহিমা কৈ ওৰ পেলাব নোৱাৰিলে নিগম শাস্ত্ৰসমূহেও। যি অনন্ত নাগ হৰিৰ বিশ্ৰামস্থলী সেই নাগৰ সহস্ৰ মুখেত তেওঁৰ মহিমা বণনা কৰি শেষ কৰিব নোৱাৰে। জ্ঞানীলেোক সকলে চলাথ কৰিও বিচাৰি নোপোৱা শ্ৰী হৰিৰ ওচৰ পেটো অসাধ্য কাম। বিষয় বিকলত আতুৰ হৈ কই পোৱা মানুহেও আনকি তেওঁৰ চৰণকমলত আশ্ৰয় লৈ সেই কণ্ঠৰ পৰা মুক্তি লাভ কৰে। হৰিৰ চৰণযুগল হল পৰম ধন আৰু ভকতৰ বাবে হৰিয়েই হল জীৱন স্বৰূপ। হৰিৰ কৃপা লাভ কৰিব পাৰিলে এই সংসাৰৰ মানুহে মোহ পাশৰ পৰা মুক্তি লাভ কৰিব পাৰে।
মহাপুৰুষজনাৰ দাস্যভক্তি কবিতাটোত হৰিৰ মহিমাৰ বিষয়ে সুন্দৰভাৱে ফুটি উঠিছে।

) বৰগীতটিৰ ৰচকৰ চমু পৰিচয় দিয়া।
উত্তৰঃ কবি মাধৱদেৱ হৈছে অসমীয়া বৈষ্ণৱ সাহিত্যৰ অন্যতম হোতা। ১৪৮৯ চনত তেওঁ নাৰায়ণপুৰৰ লেটেকু পুখুৰীত জন্ম গ্ৰহন কৰিছিল। তেঁওৰ পিতৃ গোবিন্দগিৰি ভূঞা আৰু মাতৃ মনোৰমা। শংকৰদেৱৰ প্ৰিয় শিষ্য মাধৱদেৱে গুৰুৰ পদাংককে অনুসৰণ কৰি বাৰদি, গণককুছি, সুন্দৰীদিয়া, ভেলাডাংগা আদিত ধৰ্ম প্ৰচাৰ কৰিছিল।
আহোম বগদেউৰ কোষৰ বলি হৈ ১৫৪৬ চনতে তেওঁ কোচবিহাৰলৈ উভটি আহে ।
১৫৬৮ চনত গুৰু শংকৰদেৱৰ মৃত্য়ুৰ পাছত নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ সম্পূৰ্ণ দায়িত্বভাৰ মাধৱদেৱ কান্ধ পাতি লৈ দক্ষতাৰে সেই কাৰ্য চলাই নিছিল । ধৰ্ম প্ৰচাৰ কালত তেওঁ বৈষ্ণৱ ধৰ্মৰ ৰম্যপুৰুপী বিখ্যাত ‘বৰপেটা সত্ৰ’ প্ৰতিষ্ঠা কৰে। অসাধাৰণ প্ৰতিভাৰ অধিকাৰী এইজনা মহাপুৰুষে ১৫৯৬ চনত কোচবিহাৰৰ ভেলাদাঙ্গণত ইহলীলা সম্বৰণ কৰে। গুৰুজনাই জীৱিত কালত ৰচনা কৰা সাহিত্য সম্ভাৰ হ’লঃ নামঘোষা, বৰগীত, ৰাজসূয় যজ্ঞ, দধিমথন বা অৰ্জুন ভঞ্জন, ভূমি-লেটোৱা, চোৰধৰা, পিম্পৰা-গুচুৱা, ভোজনবিহাৰ, গুৰু ভটিমা, ভক্তি ৰত্নৱালী, জন্ম ৰহস্য আদি।

৪) ব্যাখ্যা কৰাঃ

(ক) সহজে বয়নে যাৰ নপাৱন্ত সীমা।
অধমে জানিবো কেনে তোমাৰ মহিমা।

উত্তৰঃ প্ৰসংগঃ উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰীশ্ৰী মাধৱদেৱ বিৰচিত ‘বৰগীত’ নামৰ পাঠটিৰ পৰা উদ্ধত কৰা হৈছে।
সংগতিঃ- উক্ত কথাফাকিত হৰিৰ মহিমা বৰ্ণনা কৰিবলৈ গৈ কবি মাধৱদেৱে কবিতাফাকিৰ ব্যাখ্যা কৰিছে।

ব্যখ্যাঃ এই সংসাৰৰ একমাত্ৰ প্ৰাণকৰ্তা হৈছে শ্ৰী হৰি তেওঁৰ মহিমা অপাৰ। সিদ্ধ মহামুণিৰ ধ্যান কৰিও শ্ৰী হৰিৰ মহিমা আয়ত্ত কৰিব পৰা নাই। নিগম নিগম শাস্ত্ৰই তেওঁৰ মহিমাৰ অন্ত পেলাব নোৱাৰে। অনন্ত নাগ হৰিৰ বিশ্ৰামস্হলী। সেই নাগৰ সহস্ৰ মুখেও তেওঁৰ মহিমাৰ কথা বৰ্ণাই শেষ কৰিব পৰা নাই। তেনেস্থলত কৰি হৈ সাধাৰণ প্ৰাণী, তেওঁৰ কাৰণে হৰিৰ মহিমা জানিব পৰাটো অতিকৈ কঠিন।
কবিয়ে বুজি উঠিছে যে হৰিৰ কৃপাৰ অবিহনে তেওঁৰ মহিমা আয়ত্ত কৰাটো সম্ভব নহয়।

(খ) আতুৰ ভৈলোহি হৰি বিষয় বিকলে ।
কৰিয়ো উদ্ধাৰ মোক চৰণ কমলে ।
উঃ প্ৰসংগ উক্ত কবিতাফাঁকি আমাৰ পাথ্যপুথিত অন্তগত শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে ।
সংগতি ঃ উক্ত কবিতাফাঁকিৰ দ্ধাৰা সংসাৰৰ মায়া পাশাৰ মুক্তিপথ দেখুৱালৈ হৰিক প্ৰাথনা জনোৱা কথা কোৱা হৈছে ।
ব্যাখ্যা মানুহ হল সংসাৰিক এই সংসাৰৰ সকলো মন্ত্ৰশাৰ উৎস। বৈষ্ণয়িক মুখৰ ঠাই এই সংসাৰ সন্তেকীয়া সুখ সম্পদে মানুূহৰ এনেকৈ গ্ৰাস কৰে যে তেওঁলোকে সন্তেকীয়া সুখক জীৱনৰ একমাত্ৰ সত্য় বুলি ভুল কৰে । কিছুমান বাসনাত নিমগ্ন হৈ মানুহে নানা পাপকৰ্মত লিপ্ত হয় , ফলত জীৱন হৈ পৰে যন্ত্ৰণাময় । জীৱনে মৃত্য়ু পযন্ত ভোগ কৰে এই যন্ত্ৰণা । দুখ বেদনাত জৰ্জৰিত হৈ মানুহে উপলব্ধি কৰে যে মানৱ জীৱন ক্ষণস্থায়ী । এই যন্ত্ৰনাৰ মুক্তি পাবৰ বাবে মানুহে হাহাকাৰ কৰি ফুৰিছে । নিৰূপায় হৈ কবিয়ে হৰিৰ চৰনত শৰন লৈছে । কাৰন কবিয়ে বিশ্বাস কৰে সংসাৰৰ সমস্ত যন্ত্ৰণাৰ পৰা মুক্ত দিব পাৰে একমাত্ৰ শ্ৰী হৰিয়ে।

গ) তোমাৰ চৰন দুই মোৰ মহা ধন ।
ভকত জনৰ নিজ তুমিসে জীৱন ।

উঃ প্ৰসংগঃ- উক্ত কথাফাঁকি আমাৰ পঠ্য়পুথিত অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱ বিৰছিত বৰগীত নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে ।

সংগতিঃ- উক্ত পদফাঁকিৰ জৰিয়তে মহাপুৰুষজনাই কৈছে যে , ভগৱানৰ চৰণতে ভক্তসকলে প্ৰকৃত জীৱন আৰু ভক্তসকলৰ বাবে ভগৱানৰ চৰণ দুখনেই হল অমূল্য় সম্পদ।

ব্য়াখ্য়াঃ- কবিৰ মতে সংসাৰৰ মায়া মোহৰ পৰা মুক্ত হবলৈ হলে ভগৱানৰ চৰনত শৰন লোৱাৰ বাহিৰে অন্য় কোনো উপাই নাই, সৰ্বব্য়াপ্তী নিকাৰ ভগৱানেই জগতৰ সৃস্তিকৰ্তা পালনকৰ্তা তেওঁ সকলোৰ উৰ্দ্ধত, গতিকে হৰিৰ চৰনত শৰন লাভ কৰা মানে জগতৰ মূল্যৱান সম্পদ লাভ কৰাৰ সন্মান। ভক্তৰ বাবে ভগৱানেই পৰম আশ্ৰয়, সেইবাবে ভক্তৰ জীৱন ভগৱনতেই সমৰ্পিত । হৰিৰ চৰনেই হৈছে প্ৰকৃত ভকতৰ মহাধন আৰু হৰিয়েই ভকতৰ জীৱনৰ সৰ্বস্ব ।

৫) সনক সনন্দ যোগী যাহাকু ধিয়ায় ।
সকল নিগমে যাক বিচাৰি নাপাই ।

  • তাপৰ্য বিচাৰ কৰা ।

উঃ- আগৰ দিনৰ শাস্ত্ৰ সমূহত ভগৱানৰ বিভিন্ন মহিমাৰ বিষয়ে বৰ্ণনা পোৱা গৈছিল। কিন্তু এই শাস্ত্ৰত দাঙি ধৰা বৰ্ণনা সমূহ অধ্যয়ন কৰিয়েই ভগৱানৰ প্ৰকৃত স্বৰূপ উপলব্ধি কৰাটো সম্ভৱ নাছিল। ভগৱানৰ প্ৰকৃত স্বৰূপ উপলব্ধি কৰিবলৈ হলে ভগৱানক একান্ত মনেৰে আৰাধনা কৰিব লাগিব। সেই বাবে সনক, সনন্দ যোগী সকলেও ভগৱানৰ স্বৰূপ উপলব্ধিৰ বাবে একান্ত মনেৰে ভগৱানক ধ্যান কৰিছিল। অৰ্থাৎ কবিয়ে কৈছে যে ভগৱানৰ প্ৰকৃত স্বৰূপ উপলব্ধি কৰিবলৈ হলে গভীৰ জপ কৰাত কৈ বা শাস্ত্ৰ আদি অধ্যয়নত নিমগ্ন হোৱাতকৈ শুদ্ধভাৱে ভগৱানক প্ৰাৰ্থনা কৰিব লাগে।

৬) বৰগীতৰ চাৰিটা লক্ষণ বিষয়ে লিখা?
উত্তৰ : বৰগীতৰ চাৰিটা লক্ষণ হল –
ক) বৰগীত সমূহ হল শাস্ত্ৰীয় ৰাগ – তালযুক্ত গীত।
খ) বৰগীত সমূহৰ ৰচনাশৈলী ব্ৰজাৱলী ভাষাৰ।
গ) বৰগীত সমূহ চৈধ্য প্ৰসংগৰ অন্তগৰ্ত।
ঘ) বৰগীত সমূহ হল ভক্তিমূলক তথা ঈশ্বৰৰ মাহাত্ম্য প্ৰকাশক গীত।

ভাষা বিষয়কঃ
১) তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখাঃ

উত্তৰঃ
শব্দ – – – আধুনিক শব্দ
নপাৱন্ত – – নাপায়
কেনে – – কিদৰে, কেনেকৈ
ভৈলোহো – – হলোঁ
ভূমিসে–তুমিয়েই, তুমিহে
জনেৰ – – সকলৰ, জনৰ
কহয় – – কয়

2) ব্ৰজাৱলী ভাষাৰ বৈশিষ্ঠ্যসমূহ উল্লখ কৰা।
উত্তৰ : ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্য সমূহ হল :-
ক) ব্ৰজাৱলী ভাষাৰ মূল ভেটি হল মৈথিলী ভাষা।
খ) পশ্চিমা হিন্দীৰ অপভ্ৰংশ ব্ৰজভাষাৰ লগত এই ভাষাৰ কোনো সম্পৰ্ক নাই।
গ) ব্ৰজাৱলী হল মধ্যযুগীয় বৈষ্ণৱ কবি সকলে ব্যৱহাৰ কৰা এক কৃত্ৰিম সাহিত্যিক ভাষা।
ঘ) ব্ৰজাৱলী ভাষাটো শক্তিশালী হোৱাৰ উপৰিও প্ৰচুৰ স্বৰধ্বনি প্ৰয়োগ হোৱা বাবে ই অতি শ্ৰুতিমধুৰ হৈ পৰিছে।
ঙ) এই ভাষাই উৰিষ্যা, বংগ আৰু অসমত থলুৱা ভাষাৰ মিশ্ৰণেৰে কিছু সুকীয়া স্থান গ্ৰহণ কৰিছে।

অতিৰিক্ত প্ৰশ্নোত্তৰ :

১) অতি চমু প্ৰশ্নোত্তৰ

ক) মাধৱদেৱৰ বৰগীতসমূহৰ মূল বিষয়বস্ত কি?
উত্তৰঃ মাধবদেৱৰ বৰগীত সমূহৰ মূল বিষয়বস্তু শিশু কৃষ্ণৰ লীলা।

খ) মাধৱদেৱৰ এখন তত্ত্বমূলক গ্ৰন্থৰ নাম লিখা।
উত্তৰঃ মাধবদেৱৰ এখন তত্ত্বমূলক গ্ৰন্থ হল ভক্তি ৰত্নাৱলি।

গ) নামঘোষাৰ অন্য এটা নাম কি?
উত্তৰঃ নামঘোষাৰ অন্য এটা নাম হল হেজাৰী ঘোষা।

ঘ) মাদৱদেৱৰ নাটসমূহক সাধাৰণতে কি বুলি কোৱা হয়?
উত্তৰঃ মাধবদেৱৰ নাট সমূহক সাধাৰণতে ঝুমুৰা বুলি কোৱা হয়।

ঙ) মাধৱদেৱৰ ৰচিত বৰগীতৰ সংখ্যা কিমান?
উত্তৰঃ মাধবদেৱৰ ৰচিত বৰগীতৰ সংখ্যা ১৫৭ টা।

চ) মাধৱদেৱাৰ পিতৃ-মাতৃৰ নাম কি আছিল?
উত্তৰঃ মাধবদেৱৰ পিতৃৰ নাম গোবিন্দগিৰি ভূঞা আৰু মাতৃৰ নাম মনোৰমা ভুঞা।

ছ) মাদৱদেৱৰ কেতিয়া আৰু ক’ত জন্ম হৈছিল?
উত্তৰঃ মাধবদেৱৰ ১৪৮৯ চনত লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰীত জন্ম হৈছিল।

অতিৰিক্ত প্ৰশ্নোত্তৰঃ
) চমু প্ৰশ্নোত্তৰ :
ক) বৰগীতৰ বিষয়বস্ত কি?
উত্তৰঃ বৰগীতৰ বিষয়বস্ত সাংসাৰিক কামনা – বাসনাযুক্ত বা শৃংগাৰ ভাববিশিষ্ট হব নোৱাৰে। ইয়াৰ বিষয়বস্ত শিশু শ্ৰী কৃষ্ণ বা বাল – গোপালৰ লীলা খেলা বিষয়ক আছিল।

) বৰগীত কাক বোলে?
উত্তৰঃ মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱ বিৰচিত উচ্চ মানবিশিষ্ট সাৱলীল ভাষাৰ স্তুতি মূলক তথা উপদেশপুৰ্ণ শাস্ত্ৰীয় ৰাগযুক্ত আৰু আধ্যাত্মিক ভাৱ গধুৰ গীত সমূহকে বৰগীত বুলি কোৱা হয়।

গ) মাধৱদেৱৰ বৰগীতসমূহৰ প্ৰধান বিষয়বস্তু কি?
উত্তৰঃ মাধবদেৱৰ বৰগীত সমূহৰ বিষয়বস্তু হল – বাল গোপালৰ লীলা খেলা। তেওঁৰ বৰগীত সমূহত শিশু কৃষ্ণৰ চৌৰা চাতুৰী সমূহ সুন্দৰকৈ বৰ্ণনা কৰাৰ লগতে যশোদাৰ চিৰন্তন মাতৃত্বৰ ছবিও সুন্দৰকৈ ফুটাই তোলা হৈছে। মাধবদেৱৰ বৰগীত সমূহত এফালে বাৎসল্য আৰু আনফালে দাসত্ব ভাৱ সুন্দৰকৈ প্ৰকাশ পাইছে।

৩। তমুটোকা লিখাঃ
(ক) বৰগীত (খ) ভটিমা (গ) ব্ৰজাৱলী ভাষা

ক) উত্তৰঃ বৰগীতঃ বৰগীত অসমীয়া সাহিত্যৰ এক অন্যতম অভিনব অৱদান। নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে ভাৱধাৰাৰে যিবোৰ গীত ৰচনা কৰি থৈ গৈছে সেই গীত সমূহকে বৰগীত বুলি কোৱা হয়। বৰগীত সমূহ সত্ৰৰ চৈধ্য প্ৰসংগৰ অন্তৰ্গত। চৰিত পুথিত উল্লেখ কৰা অনুসৰি বৰগীত সমূহৰ প্ৰথম সৃষ্টি হয় খ্ৰীষ্টীয় পঞ্চদশ শতিকাৰ শেষ দশকৰ আৰম্ভণিতে বদৰিকাশ্ৰত ৰচিত ‘ মন মেৰি ৰাম চৰণহি লাগু’ ( শংকৰদেৱ) এই বৰগীতটোক প্ৰথম বৰগীত বুলি জনা যায়। মহাপুৰুষ শংকৰদেৱে বাৰকুৰি বৰগীত আৰু মাধৱদেৱে নকুৰি এঘৰটা বৰগীত ৰচনা কৰিছিল। শংকৰদেৱৰ বৰগীত সমূহ শষ্য ভাৱেৰে শিক্ত আৰু মাধৱদেৱৰ বৰগীত সমূহত শ্ৰী কৃষ্ণৰ বাল্যকালৰ খেলা ধূলা, মান অভিমান, চল চাতুৰী আদিৰ মাজেৰে ভগৱানৰ ঐশ্বৰিক মাহাত্ম্য প্ৰকাশ পাইছে।

খ) উত্তৰঃ ভটিমাঃ ‘ভাট’ নামৰ একশ্ৰেণীৰ ভ্ৰাম্যমাণ গায়কে গোৱা গাম্ভীৰ্য্যসূচক প্ৰশস্তি গীতবোৰেই হৈছে ভটিমা। শংকৰদেৱে নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ বাবে তিনি প্ৰকাৰৰ ভটিমা ৰচনা কৰিছিল – নাট ভটিমা, দেৱ ভটিমা, আৰু ৰাজ ভটিমা। নাটৰ আৰম্ভণি আৰু শেষত গোৱা ভটিমাই নাট ভটিমা। দেৱ ভটিমা ত দেৱতাৰ প্ৰশস্তি আৰু ৰাজ ভটিমাত ৰজাৰ গুণ গৰিমা বৰ্ণনা কৰা হয়। এই তিনি শ্ৰেণীৰ লগতে মাধবদেৱে আৰু একশ্ৰেণীৰ ভটিমা ৰচনা কৰিছিল, সেই হৈছে ‘গুৰু ভটিমা।’

গ) উত্তৰঃ ব্ৰজাৱলী ভাষাঃ মধ্য যুগীয় বৈষ্ণৱ কবি সকলে ভাৰতত ৰাষ্ট্ৰীয় সংহতি আৰু এক ঐক্যৰ প্ৰতি দৃষ্টি ৰাখি বৈষ্ণৱ কবি সকলে কাব্য, গীত আদি ৰচনা কৰিবলৈ যি এটি আদৰ্শ ভাষা ব্যৱহাৰ কৰিছিল সেই ভাষাটোকে কোৱা হয় ব্ৰজাৱলী ভাষা। বৈষ্ণৱ যুগত সাহিত্য ৰচনাৰ মাধ্যম ৰূপে ব্যৱহৃত হোৱা ব্ৰজাৱলী ভাষাই ভৌগোলিক পৰিসীমা অতিক্ৰম কৰি ভাৰতৰ বিভিন্ন প্ৰান্তত নিজস্ব গৰিমাৰে মহিমামণ্ডিত হৈ উঠিছিল। মহাপুৰুষ শংকৰদেৱে আৰু মাধৱদেৱে সৰ্বভাৰতীয় আবেদন লাভ কৰিবলৈ নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে ৰচিত নাট আৰু গীতত ব্ৰজাৱলী ভাষা প্ৰয়োগ কৰিছিল। এই ব্ৰজাৱলী ভাষাই নিঃসন্দেহে গুৰু দুজনাৰ নাট আৰু গীতক যথেষ্ট গাম্ভীৰ্য্য প্ৰদান কৰি থৈ গৈছে।

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *