Class 10 Assamese Chapter 14 : ধৰ ঝাড়ু ধৰ ভাই

ধৰ ঝাড়ু ধৰ ভাই

– অম্বিকাগিৰী ৰায়চৌধুৰী

ভাববিষয়ক প্রশ্নোত্তৰ :
প্রশ্ন ১। অতি চমু উত্তৰ লিখা—
( ক ) অম্বিকাগিৰি ৰায়চৌধুৰীক কি আখ্যা দিয়া হৈছিল ?

উত্তৰঃ অম্বিকাগিৰি ৰায়চৌধুৰীক ‘অসম কেশৰী ’ আখ্যা দিয়া হৈছিল ।

( খ ) ‘সাতাম পুৰুষীয়া সােণৰ চোতাল – ঘৰ ’ কিহেৰে পােত খাই আছে বুলি কবিয়ে কৈছে ?

উত্তৰঃ ‘সাতাম পুৰুষীয়া সােণৰ চোতাল – ঘৰ ’ কত যুগৰ ভূহৰ পৰি ’ পােত খাই আছে বুলি কবিয়ে কৈছে ।

( গ ) আজিৰ জীৱন মনােহৰ কৰিবলৈ কবিয়ে কি বেশেৰে ঝাড়ু ধৰিবলৈ কৈছে ?

উত্তৰঃ আজিৰ জীৱন মনােহৰ কৰিবলৈ কবিয়ে বীৰ বেশেৰে ঝাড়ু ধৰিবলৈ কৈছে ।

( ঘ ) কবিয়ে চাই থাকোঁতে থাকোঁতে মুখ কিহেৰে ভৰি পৰিল বুলিছে ?

উত্তৰঃ কবিয়ে চাই থাকোঁতে থাকোঁতে মুখ কাজল ছাইৰে ভৰি পৰিল বুলিছে ।

প্রশ্ন ২। ‘হ’ল এৱে তােৰ সময় হ’বৰ

জাতিৰ ঝাড়ুদাৰ যে ভাই ।’

—ইয়াত কবিয়ে কি কাৰণে জাতিৰ ঝাড়ুদাৰ হােৱাৰ সময় হ’লহি বুলি সকীয়াই দিছে ?

উত্তৰঃ বহু বছৰ ধৰি ভাৰতীবাসীয়ে ব্রিটিছৰ গােলামী কৰি ‘ ধাৰে – ঋণে জীৱন দিয়ে ‘ হিনে – ঘিণে তেওঁলােকৰ চৰণৰ পূজা কৰি থাকিল । ভাৰতবাসীৰ মাজত ‘ হিংসা – দ্বেষৰ , ভেদাভেদৰ , ঘৃণা – ঘৃণিৰ ভেমৰ কত কি যে মলি মামৰ পৰি ‘সােণৰ চোতাল – ঘৰ’ত ক’ত যুগৰ ভূহৰ পৰি ’ পােত খালে , মুখত ‘কাজল – ছাই ’ পৰিল ।

এইবােৰ সাৰি – পুচি আঁতৰাই ভাৰতবৰ্ষৰ তথা অসমক পৰিষ্কাৰ কৰিবলৈ ‘জাতিৰ ঝাড়ুদাৰ’ হােৱাৰ সময় হ’লহি বুলি কবিয়ে সকলোকে সকীয়াই দিছে । নহ’লে চিৰকালেই ভাৰতবাসী তথা অসমবাসীয়ে গােলামি কৰি দুর্বিসহ জীৱন কটাব লাগিব ।

প্রশ্ন ৩। ‘নহ’লে যে বিশ্বসভাত

নহ’ব তােৰ বহাৰ ঠাই । ”

–বিশ্ব সভাত বহাৰ ঠাই পাবলৈ কবিয়ে কি কৰিবলৈ নির্দেশ দিছে ?

উত্তৰঃ কবিতাটি ৰচনাৰ সময়ত ভাৰতবর্য ব্রিটিছৰ অধীনত আছিল । পৰাধীন দেশে কেতিয়াও সুসভ্য জাতিৰ বিশ্বসভাত বহাৰ সুযােগ নাপায় ৷ সেয়ে ভাৰতবাসীৰ মাজত থকা হীনমন্য ভাব , হিংসা – দ্বেষৰ ভেদাভেদৰ , ঘৃণা – ঘৃণিৰ , স্বার্থ – ভেমৰ মলি – মামৰবােৰ আঁতৰাই বীৰ বেশেৰে পৰাধীনতাৰ শিকলি চিঙি জাতিৰ জীৱন মনােহৰ কৰিব পাৰিলেহে ভাৰতবাসীয়ে বিশ্বসভাত বহাৰ ঠাই পাবলৈ সক্ষম হ’ব বুলি কবিয়ে সকীয়াই দিছে ।

প্রশ্ন ৪। ‘ ধৰ ঝাড়ু ধৰ ভাই ‘ — কবিতাটিৰ মূলভাৱ লিখা ।

উত্তৰঃ দেশপ্রেমী বিপ্লৱী কবি অম্বিকাগিৰী ৰায়চৌধুৰীদেৱৰ ‘ধৰ ঝাড়ু ধৰ ভাই ’ কবিতাটি ৰচনাৰ সময়ত তেওঁ দেশৰ স্বাধনীতাৰ কাৰণে যুঁজাৰ কাৰণেই সশ্রম কাৰাবাস খাটিব লগীয়া হৈছিল । তােমাৰ ভিতৰত ঝাড়ু ধৰি তেওঁ পায়খানা আদি সাৰি – পূচি ঘৰ দুৱাৰ চিকুণাই তােলাৰ দৰে ইমান দিনে ব্রিটিছৰ গােলামী কৰি অজ্ঞান আন্ধাৰত ডুব গৈ আমাৰ মাজত হিংসা – দ্বেষৰ , ভেদা – ভেদৰ , ঘৃণা – ঘৃণিৰ , ভেম – অহংকাৰৰ যিবােৰ মলি – মামৰ গােট খালে তাক সকলােৱে মিলিজুলি , সাৰি – পুছি আমাৰ অন্তৰখন , আমাৰ মাতৃভূমিখন পৰিষ্কাৰ কৰিব লাগে ।

তেতিয়াহে আমাৰ গােলামীৰ শিকলি আঁতৰি যাব আৰু মাতৃভূমি দাসত্বৰ পৰা মুক্ত হৈ স্বাধীন দেশ হিচাপে মূৰ দাঙি থিয় হ’ব পাৰিব , বিশ্বৰ সভাৰ সভ্য জাতিৰ একে শাৰীতে বহাৰ সুযােগ লাভ কৰিব । সেয়ে সকলােকে বীৰ বেশেৰে ইয়াৰ বাবে আগবাঢ়ি আহিবলৈ.কবিয়ে আহ্বান জনাইছে ।

প্রশ্ন ২। ব্যাখ্যা কৰা ।
( ক ) ‘ হিংসা – দ্বেষৰ , ভেদা – ভেদৰ ,

ঘৃণা – ঘৃণিৰ , স্বার্থ ভেমৰ

কত যে কি মলি – মামৰ

ভৰি জাতিৰ জীৱন য়ায় ।

উত্তৰঃ উদ্ধৃত কবিতাফাকি ‘ অসম কেশৰী ’ বিপ্লৱী কবি অম্বিকাগিৰী ৰায়চৌধুৰীদেৱ বচিত ‘ ধৰ ঝাড়ু ধৰ ভাই’ কবিতাটিৰ অন্তৰ্গত ।

দেশপ্রেমিক কবিয়ে দেশক পৰাধীনতাৰ পৰা উদ্ধাৰ কৰিবলৈ দেশৰ জন – গণক বীৰ বেশেৰে আগবাঢ়ি আহিবলৈ উদাত্ত কণ্ঠে আহ্বান কৰিবলৈ লৈ এনেদৰে কবিতা ফাঁকিৰ উল্লেখ কৰিছে ।

বহু বছৰ ধৰি ব্রিটিছৰ গােলামী কৰি ভাৰতৰ জন – গণ অজ্ঞান আন্ধাৰত ডুব গৈ থকাৰ কাৰণে পৰস্পৰৰ ভিতৰত হিংসা – দ্বেষৰ , ভেদা – ভেদৰ , ঘৃণা – ঘৃণিৰ , স্বার্থপৰতা , ভেম – অহংকাৰ আদি কদর্য মলি স্বৰূপ আবৰণে গােটেই জাতিটোকে নিঃস্ব কৰি ৰাখিছে । জাতিটোক ধ্বংসৰ মুখলৈ ঠেলি দিছে । সেয়ে এইবােৰ আঁতৰাই জাতিটোক উদ্ধাৰ কৰিবলৈ বীৰ বেশেৰে ওলাই আহিবলৈ কবিয়ে সকলােকে আহ্বান জনাইছে ।

( খ ) ‘ধৰ ঝাড়ু ধৰ ভাই !

আৰু চাবৰ সময় নাই

চাই থাকোঁতে মুখত কেৱল

ভৰিল কাজল ছাই ।”

উত্তৰঃ উদ্ধৃত কবিতাফাকি ‘অসম কেশৰী ’ বিপ্লৱী কবি অম্বিকাগিৰী ৰায়চৌধুৰীদেৱ ৰচিত ‘ধৰ ঝাড়ু ধৰ ভাই’ কবিতাটি অন্তর্গত ।

পৰাধীনতাৰ কৱলত পৰি হিংসা – দ্বেষৰ , ভেদা – ভেদ আদিৰ মলি – মামৰে কদর্য হৈ পৰা দেশখনক উদ্ধাৰ কৰিবলৈ দেশবাসীক আহ্বান জনাবলৈ গৈ কবিয়ে কবিতাটিৰ আৰম্ভণিতে এনেদৰে উল্লেখ কৰিছে ।

কবিয়ে অন্তৰেৰে উপলব্ধি কৰিছে ভাৰতবাসীয়ে পৰাধীনতাৰ কৱলত পৰি অজ্ঞান অন্ধকাৰৰ কাৰণে নিজৰ ভিতৰতে হিংসা – দ্বেষৰ , ভেদা – ভেদৰ , ঘৃণা – ঋণিৰ, স্বার্থ – ভেমৰ মলি – মামৰেৰে নিজেই ডুব গৈছে । দেশ – জাতি ধ্বংস হৈ যাওঁ যাওঁ অৱস্থা । এই অৱস্থা চাই থাকিও যেন জন – গণৰ জ্ঞান অহা নাই ; মুখত ‘ কাজল – ছাই ’ পৰা মানুহৰ দৰে নিবােকা হৈ চাই আছে ।

এই দেশ জাতি নিঃশেষ হ’বলৈ ধৰা অৱস্থাত চাই থাকিবৰ আৰু সময় নাই । ঝাড়ুৰে অপৰিষ্কাৰ ঠাই সাৰি – মছি পৰিষ্কাৰ কৰাৰ দৰে বীৰ – বেশেৰে সকলােৱে ওলাই আহি আমাৰ মাজত থকা হিংসা – দ্বেষ , ভেদা – ভেদ , ঘৃণা – ঘৃণি মিছা ভেম অহংকাৰবােৰ আঁতৰ কৰিবৰ হ’ল বুলি কবিয়ে সকলােকে সকীয়াই দিছে ।

প্রশ্ন ৬। ‘ধৰ ঝাড়ু ধৰ ভাই’ কবিতাটোৰ মাজেৰে কবি ৰায়চৌধুৰীদেৱৰ স্বদেশ প্ৰেমৰ ভাব কিদৰে প্ৰকাশ পাইছে লিখা ।
উত্তৰঃ ‘ধৰ ঝাড়ু ধৰ ভাই’ কবিতাটোৰ কবি অম্বিকাগিৰী ৰায়চৌধুৰীক এগৰাকী বিপ্লৱী কবি বুলি কোৱা হয় । তেওঁ বিপ্লৱ কৰিছিল স্বদেশ প্রেমত বলিয়ান হৈ স্বদেশৰ স্বাধীনতাৰ কাৰণে । এই বিপ্লৱী ভাব তথা স্বদেশ প্ৰেমৰ ভাব তেওঁৰ প্ৰায়বােৰ কবিতা , লিখনিৰ আৰু কাৰ্য-কৰণৰ মাজেৰে পৰিস্ফুট হৈ আহিছে । তেওঁৰ তেনে এটি কবিতা হ’ল ‘ধৰ ঝাড়ু ধৰ ভাই’ ।

স্বদেশ প্রেমৰ কাৰণে হক কথা কওঁতে , কাম কৰোঁতে তেওঁ সশ্রম কাৰাবাস খাটিব লগীয়া হৈছিল আৰু সেই কাৰাবাসৰ সময়ত পায়খানা আদি ঝাড়ুধৰি সাৰি – পুছি পৰিষ্কাৰ কৰিব লগীয়া হােৱা অৱস্থাতেই তেওঁৰ এই কবিতাটিৰ সৃষ্টি হৈছিল । এই কথাৰ পৰাই বুজিব পাৰি কবিতাটিত স্বদেশ প্রেমৰ সুন্দৰ ভাব – ৰাশি নিহিত হৈ আছে ।

ঝাডুৰে মলি – মামৰ সাৰি – পুছি পৰিষ্কাৰ কৰাৰ বাবে তেওঁ পৰাধীনতাৰ কৱলত থকা নজৰ দেশখনকো হিংসা – দ্বেষ , ভেদা – ভেদ , ঘৃণা – ঘৃণি , ভেম – অহংকাৰ আদিৰ মলি – মামৰবােৰ আঁতৰাই পৰিষ্কাৰ কৰিবলৈ জনগণক কবিতাটিৰ আৰম্ভণিতেই আহ্বান জনাইছে ।

ধৰ ঝাড়ু ধৰ ভাই

আৰু চাবৰ সময় নাই—

চাই থাকোঁতে মুখত কেৱল

ভৰিল কাজল – ছাই ।

স্বদেশৰ এনে দুর্গতি , ধ্বংসলীলা কবিয়ে আৰু চাই থাকিব নােৱৰা হৈছে । অজ্ঞান আন্ধাৰত ডুব গৈ এনেদৰে চাই থাকোতেই চাৰিওফালে যেন স্বদেশৰ , স্বদেশবাসীৰ মুখত ছাই পৰি লেতেৰা কৰি পেলাইছে । এসময়ৰ গৌৰৱময় ভাৰত আজি নিঃস্ব , নিঃশেষ হ’বলৈ ধৰিছে । তেওঁ খেদ কৰি কৈছে –

সাতাম পুৰুষৰ

আহা ! সােণৰ চোতাল – ঘৰ

ক’ত যুগৰ ভূহৰ পৰি

আছে যে পােত খাই ।

সেই কাৰণেই তেওঁ ব্যথিত অন্তৰেৰে আমাৰ মাজত থকা সকলাে প্ৰকাৰৰ হিংসা দ্বেষৰ , ভেদা – ভেদ , ঘৃণা – ঘৃণিৰ , স্বার্থ ভেমৰ ভাব পাহৰি একগােট হৈ নিজৰ দেশ , জাতি উদ্ধাৰ কৰিবলৈ জনগণক উদাত্ত কণ্ঠেৰে আহ্বান জনাইছে–

বীৰ বেশেৰে ধৰ ঝাড়ু ধৰ

জাতিৰ জীৱন কৰ মনােহৰ

তেতিয়াহে ভাৰতবাসীয়ে বিশ্বৰ সভ্য সমাজৰ সভাত একেলগে বহাৰ ঠাই পাব । ইয়াৰ ব্যতিক্রম হলেই আমাৰ বিপদ –

নহ’লে যে বিশ্বসভাত

নহ’ব তােৰ বহাৰ ঠাই–বুলি সকীয়াই দিছে ।

ভাষা বিষয়ৰ প্রশ্নোত্তৰ :
প্রশ্ন ১। তলত দিয়া যুৰীয়া শব্দৰবাৰেৰে একোটিকৈ বাক্য ৰচনা কৰা ৷
( ক ) হীনে – ঘিণে ( খ ) ধাৰে – ঋণে , ( গ ) ঘৃণা – ঘৃণি , ( ঘ ) জাহি – জাবৰ ( ঙ ) সাৰি – পুছি , ( চ ) মলি মামৰ

উত্তৰঃ ( ক ) হীনে – ঘিণে :- সমাজত হীনে – ঘিণে জীয়াই থকাটো নিষ্ফল জীৱন ।

( খ ) ধাৰে – ঋণে :- গােটেই জীৱনটো ধাৰে – ঋণে চলিব নালাগে ।

( গ ) ঘৃণা – ঘৃণি :- মানুহৰ মাজত থকা ঘূণা – ঘৃণিয়ে অশান্তি সৃষ্টি কৰে ।

( ঘ ) জাহি-জাবৰ :- জাহি – জাবৰবােৰ সাৰি – পুছি পৰিষ্কাৰ কৰিলেহে মনত শান্তি পােবা যায় ।

( ঙ ) সাৰি – পুছি :- লেতেৰাবােৰ সাৰি – পুছি থাকিলেহে ঠাই পৰিষ্কাৰ হৈ থাকে ।

( চ ) মলি – মামৰ :- হিংসা – দ্বেষ , ভেদা – ভেদ , ঘৃণা – ঘৃণি , স্বার্থ – ভেম আদি সমাজৰ মলি , মামৰ স্বৰূপ ।

প্রশ্ন ২। তলৰ শব্দবােৰত মূর্ধন্য ‘ণ’ হােৱাৰ কাৰণ দর্শোৱা ।

( ক ) সােণ , ( খ ) ঘৃণা , ( গ ) ঋণ ।

উত্তৰঃ ( ক ) সােণ – সােণ শব্দত স্বাভাৱিকতে মূর্ধন্য ‘ ণ ’ হয় ।

( খ ) ঘৃণা — ঋ ( < ) ৰ পাছত বহা ‘ন’ মূর্ধন্য ‘ণ’ হয় ।

( গ ) ঋণ – ঋ ( < ) ৰ পাছত বহা ‘ন’ মূর্ধন্য ‘ণ’ হয় ।

প্রশ্ন ৩। বিপৰীত শব্দ লিখা :

( ক ) ঘৃণা , ( খ ) স্বার্থ , ( গ ) জীৱন , ( ঘ ) বীৰ

উত্তৰঃ ( ক ) ঘৃণা – মৰম ।

( খ ) স্বার্থ – নিস্বার্থ , উদাৰ ।

( গ ) জীৱন – মৰণ ।

( ঘ ) বীৰ – ভীৰু ।

শব্দার্থ আৰু টোকা :
উত্তৰঃ কাজল ছাই :- কলংক , পৰাধীনতা , কালিমা , ক’লা চিন ।

সােণৰ চোতাল :– সােণ অতি মূল্যৱান উজ্জ্বল ধাতু । সােণৰ দৰেই মূল্যৱান চোতাল এখন , যিখন ঐতিহ্যৰে ভৰপূৰ ।

যুগৰ ভুহুৰ :– বিভিন্ন সময়ত তৰপে তৰপে গােটখাই থকা ভেহনি — অর্থাৎ বহুত দিন ধৰি গােট খাই থকা জাবৰ – জোঁথৰ , মলি ইত্যাদি ।

গােলামি :– অধীনত থকা, আনৰ তলত থকা,– য’ত নিজৰ কোনো ধৰণৰ স্বাধীনতা নাথাকে ।

সাতামপুৰুষীয়া :– সু – প্রাচীন , বহু পুৰুষৰ পৰা চলি অহা ।

হিংসা – দ্বেষ :- পৰস্পৰৰ প্ৰতি থকা হিংসাৰ ভাব , খিয়লা – খিয়লি ।

চুকে-কোনে :- অতি ভিতৰুৱা ঠাইত , সকলাে ঠাইতে ।

এৱে :– এতিয়া ।

ঝাড়ুদাৰ :– যিয়ে ঝাড়ু মাৰে ।

স্বাৰ্থ :- একমাত্ৰ নিজৰ কাৰণে কৰা চিন্তা ।

মনোহৰ :- মন হৰণ কৰিব পৰা, সুন্দৰ ।

Leave a Reply

Your email address will not be published. Required fields are marked *