Class 10 Assamese Chapter 8: অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি

অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি

১)অতি চমু উত্তৰ লিখা:

ক) ত্ৰয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠী কোনটো?
উত্তৰ:- ত্ৰয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠীটো হ’ ল – মংগোলীয় গোষ্ঠী।

খ) প্ৰাচীন কালৰে পৰা অসম দেশ কিহৰ বাবে প্ৰসিদ্ধ আছিল?
উত্তৰ:- প্ৰাচীন কালৰে পৰা অসম দেশ যাদু- মন্ত্ৰ আৰু ঐন্দ্ৰজালিক বিদ্যাৰ বাবে প্ৰসিদ্ধ আছিল।

গ)কিহে অসমীয়া জাতিক অধিক কট্কটীয়া কৰিলে?
উত্তৰ:- ভাষিক সংমিশ্ৰণে অসমীয়া জাতিক অধিক কট্কটীয়া কৰিলে।

ঘ) সকলোকে বান্ধি থোৱা এনাজৰীডাল কি আছিল?
উত্তৰ:- সকলোকে বান্ধি থোৱা এনাজৰীডাল আছিল অসমীয়া ভাষা।

ঙ) অসমৰ মংগোলীয় গোষ্ঠীৰ লোক কোনবিলাক?
উত্তৰ:- অসমৰ মংগোলীয় গোষ্ঠীৰ লোক হৈছে আহোমসকল।

২) চমু উত্তৰ লিখা:-

ক) অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে কোনসকলক বুজায়?
উত্তৰ:- অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে ঘাইকৈ কছাৰী, চুতীয়া, কোচ, মেচ, ডিমাচা, দেউৰী, মিচিং, বড়ো, তিৱা, কাৰ্বি আদি অনাৰ্য জাতিক বুজায়।

খ) কিমান চনৰ পৰা কিমান চনলৈ অসমৰ বিদ্যালয়ত বঙলা ভাষা চলিছিল?
উত্তৰ:- ১৮৩৬ চনৰ পৰা ১৮৭৩ চনলৈকে অসমৰ বিদ্যালয়ত বঙলা ভাষা চলিছিল।

গ) চাহ উদ্যোগৰ কৰ্মীসকল কোন? তেওঁলোক কৰ কৰ পৰা অসমলৈ আহিছিল?
উত্তৰ:- চাহ উদ্যোগৰ কৰ্মীসকল হৈছে- চাঁওতাল, কুৰ্মি, মোছহৰ, মুণ্ডা, তেলেঙ্গা, হো, ভূমিজ, ওৰাং, তাঁতী, লোহাৰ আদি।
এওঁলোক বিহাৰ, উৰিষ্যা, মধ্য প্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ পৰা অসমলৈ আহিছিল।

ঘ) পাঠটিত থকা খাদ্য- বস্তুৰ এখন তালিকা প্ৰস্তুত কৰা।
উত্তৰ:- পাঠটিত থকা খাদ্য-বস্তুৰ এখন তালিকা হ’ল- পাৰাথা, পোলাও, কোৰ্মা-কোপ্তা, কে’ক-বিস্কুত, ৰুটি, ৰসগোল্লা, লাল-মোহন, চিঙ্গাৰা, লুচি-পুৰী, ডচা, চাম্বাৰ, ইড্লি।

৩) অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি কি?
উত্তৰ:- অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ হৈছে- অলিখিত গৰখীয়া নাম, নিচুকণি গীত, নাও খেলোৱা গীত, বাৰমহী গীত, আইনাম, বিয়ানাম, বনগীত, বিহুগীত, দেহ বিচাৰৰ গীত, মন্ত্ৰ- সাহিত্য আৰু ডাকৰ বচন আদি।

৪) `অসমৰ বৈচিত্ৰ্যপূৰ্ণ জনগোষ্ঠীৰ গাঁথনিতে অসমীয়া সংস্কৃতিৰ বৈশিষ্ট্য ৰক্ষা পৰিছে।’- কথাষাৰৰ গুৰুত্ব বাখ্যা কৰি অসমৰ জনগোষ্ঠীৰ বৈচিত্ৰ্যৰ কথা বৰ্ণনা কৰা।
উত্তৰ:- সমগ্ৰ অসম ৰাজ্যখনেই বিভিন্ন জাতি, উপজাতি আৰু জনজাতিৰ জনগোষ্ঠীৰ সমষ্টি। সেইবাবে অসমীয়া সংস্কৃতিও বাৰেবৰণীয়া আৰু বৈচিত্ৰ্যপূৰ্ণ। প্ৰাচীন কালৰে পৰাই অসমত বাস কৰি আহিছে বিভিন্ন জনজাতীয় গোষ্ঠী অৰ্থাৎ অসমত আৰ্য জনগোষ্ঠীৰ লোকসকল আছিল ইয়াৰ প্ৰধান কেন্দ্ৰ। ঘাইকৈ ইয়াত কছাৰী, চুতীয়া, কোচ, মেচ, ডিমাচা, দেউৰী, মিচিং, বড়ো, তিৱা, কাৰ্বি আদিকে ধৰি অতীতত অকা, ডফলা, আবৰ, মিছিমি আদি জনগোষ্ঠী সমূহে অসম ভূমিত বসবাস কৰিছিল।
ত্ৰয়োদশ শতিকাত এইবোৰ জনগোষ্ঠীৰ লগতে অসমলৈ নতুন গোষ্ঠীৰ আগমন ঘটিল- সেয়া হৈছে ঘাইকৈ চীন আৰু হুকং উপত্যকাৰ পৰা অহা মংগোলীয়সকল। অসমলৈ অহা আহোমসকলে নিজৰ পূৰ্বৰ কৃষ্টি- সংস্কৃতি পৰিহাৰ কৰি হিন্দু ধৰ্ম আৰু নতুন সংস্কৃতি গ্ৰহণ কৰিছিল। সেই সময়তে অসমলৈ মুছলমান সকলো আহিছিল। উনবিংশ শতিকাত বৃটিছে চাহ উদ্যোগ প্ৰতিষ্ঠা কৰিবলৈ অসমলৈ চাঁওতাল, কুৰ্মি, মোছহৰ, মুণ্ডা, তেলেঙ্গা, হো, ভূমিজ, ওৰাং, তাঁতী, লোহাৰ আদি লোকসকল ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা অহা জাতিসমূহ।
এটা সময়ত আকৌ আৰ্য সংস্কৃতিতকৈ অনাৰ্য সংস্কৃতিহে বেছি গুৰুত্বপূৰ্ণ হৈ উঠিছিল। এই দেশলৈ আহোম মুছলমান সকলকে ধৰি বিভিন্ন জনগোষ্ঠীৰ লোক আহিছিল। কোনোবাই দেশ জয় কৰিবলৈ আৰু কোনোবাই যুদ্ধবন্দী হিচাপে ৰৈ গ’ল। পুৰণি কালত অসমত থলুৱা বাসিন্দাসকলৰ ভিতৰত কছাৰী, চুতীয়া, কোচ, বড়ো আদিয়ে নিৰ্বিবাদে সকলোকে গ্ৰহণ কৰিছিল। তেওঁলোকে নিজ নিজ ধৰ্ম আচৰণ কৰি নিজ নিজ সংস্কৃতি ৰক্ষা কৰিবলৈ ধৰিলে। সেই সময়ছোৱাত বাহিৰৰ পৰা অহা মানুহবোৰ যি ঠাইৰ পৰা মূলতে আহিছিল সেই ঠাইৰ লগত সম্বন্ধ ছেদ কৰি এই দেশৰ ভাষা সংস্কৃতি গ্ৰহণ কৰিবলৈ ল’লে। এয়াই হ’ল এটা সংস্কৃতিসম্পন্ন জাতি আন এটা সংস্কৃতিসম্পন্ন জাতিৰ লগত জাহ যোৱা ব্যবস্থা।

৫)`বিশেষ এটা ঔদ্যোগিক আবেষ্টনীৰ মাজত বসবাস কৰিবলৈ লোৱা কাৰণেও থলুৱা সংস্কৃতিৰ পৰা আঁতৰিও পৰিল।’ – ইয়াত কি ঔদ্যোগিক আবেষ্টনীৰ কথা উল্লেখ কৰিছে আৰু কোনে, কিহৰ বাবে আঁতৰি পৰাৰ কথা কৈছে – পাঠৰ আলমত বিচাৰ কৰা।
উত্তৰ:- ইয়াত ঔদ্যোগিক আবেষ্টনী মানে বৃটিছসকলে অসমত চাহ উদ্যোগ আৰু তাৰ সৈতে জড়িত চাহ জনগোষ্ঠীৰ লোকৰ কথা কোৱা হৈছে। অসমত চাহ উদ্যোগ প্ৰতিষ্ঠা হোৱাৰ লগে লগে নতুন এদল বৃত্তিয়াল আহি অসম দেশত বসবাস কৰিবলৈ ললে। এই উদ্যোগত কাম কৰিবৰ বাবে বিহাৰ, উৰিষ্যা, মধ্য প্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ আদি বিভিন্ন অঞ্চলৰ পৰা অসমলৈ আহিছিল। অসমত বিভিন্ন ৰাজ্যৰ পৰা চাঁওতাল, কুৰ্মি, মুণ্ডা, তেলেঙ্গা, মোছহৰ, হো, ভূমিজ, ওৰাং, তাঁতী, লোহাৰ আদি বিভিন্ন জাতিৰ লোকে অসমৰ চাহ উদ্যোগৰ কাম কৰিবলৈ ল’লে। কালক্ৰমত এই সকলেই নিজৰ কৃষ্টি-সংস্কৃতি কিছু সংৰক্ষণ কৰি হ’লেও অসমীয়া মাত-কথা গ্ৰহণ কৰি থলুৱা লোকৰ আচাৰ-নীতি, সাজ-পাৰ গ্ৰহণ কৰি কালৰ সোঁতত অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ হৈ অসমৰ পৰিল। কিন্তু এওঁলোকক শিক্ষা দিয়াৰ কাৰণে কোনো ব্যৱস্থা নোলোৱাত অতি অগ্ৰসৰ হৈ ৰ’ল। অসমৰ থলুৱা সংস্কৃতিৰ লগত খাপ খোৱাত যথেষ্ট পলম হ’ল তেওঁলোকৰ। বিশেষ এটা আবেষ্টনীৰ মাজত বসবাস কৰিবলৈ লোৱাৰ কাৰণেও থলুৱা সংস্কৃতিৰ পৰা আঁতৰি পৰিল।

৬)এটা সংমিশ্ৰিত- সংস্কৃতিসম্পন্ন জাতি, ইয়াক নুই কৰাৰ কোনো যুক্তি-তৰ্কৰ অবকাশ নাই।’ – ইয়াত লিখকে কাক আৰু কি সংস্কৃতিসম্পন্ন জাতি বুলি কৈছে।নুই কৰাৰ কোনো যুক্তি তৰ্কৰ অবকাশ নাই’ বোলা কথাষাৰৰ সত্যাসত্য বিচাৰ কৰা।
উত্তৰ:- অসমীয়া জাতি আৰু সংস্কৃতিৰ সমন্বয় বিষয়ে ক’বলৈ গৈ লিখকে উক্ত বাক্যশাৰী কৈছে। অসমীয়া জাতিটো কেৱল এটা জনগোষ্ঠী আৰু তেওঁলোকৰ ভাষা-সংস্কৃতিক লৈ গঢ়ি উঠা নাই বুলি লিখকে কৈছে। অসমত প্ৰাচীন কালৰে পৰা ভিন ভিন জাতি- জনগোষ্ঠীৰ লোক আহি অসমৰ বসবাস কৰিছিল। সেই সময়ত অসমত বসবাস কৰা থলুৱা জনজাতীয় লোকসকলে সকলোকে আঁকোৱালি লৈছিল। বাহিৰৰ পৰা অহা সকলোৱে আন্তৰিকতাৰে এই অসম দেশৰ ভাষা সংস্কৃতি গ্ৰহণ কৰি অসমক নিজৰ দেশ বুলি গ্ৰহণ কৰিছিল। ভাষিক সংমিশ্ৰণে অসমীয়া জাতি আৰু সংস্কৃতিক আৰু অধিক কট্কটীয়া কৰি তুলিলে। অসমত বসবাস কৰা জনজাতীয় ভাষা ভালদৰে বুজি পায় আৰু ক’ব পাৰে। অসমলৈ পৰৰ্ৱতী কালত অহা লোক সকলেও নিজৰ নিজৰ ভাষা-সংস্কৃতি ত্যাগ কৰি অসমীয়া ভাষা আৰু সংস্কৃতিক আকোৱালি লয়। যুগ যুগ ধৰি এনেদৰে আদান-প্ৰদান, বিনিময় আৰু সংস্কৃতি গ্ৰহণৰ মাধ্যমেদি অসমীয়া সংস্কৃতিটো বৰ্তমানলৈ পৰিগ্ৰহ হৈ আছে। বিভিন্ন ধৰণৰ জাতি-জনজাতিৰ সমন্বয়ৰ মাজেৰে অসমীয়া জাতিটো গঢ়ি উঠিছে।

৭) `লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল।’- কিহৰ লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিছিল? এই ৰূপান্তৰ কিদৰে ঘটিছিল বুজাই লিখা।
উত্তৰ:- অসমলৈ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ লগতে ভাৰতৰ বাহিৰৰ বিভিন্ন সময়তে ভিন ভিন জাতি উপজাতি আহি বৃহৎ অসমীয়া জাতি আৰু সংস্কৃতি গঢ়ি তুলিছিল। অসমৰ সংস্কৃতি বাৰেবৰণীয়া আৰু বৈচিত্ৰ্যপূৰ্ণও আছিল। ত্ৰয়োদশ শতিকাত মংগোলীয় গোষ্ঠীৰ লোকসকল অসমলৈ আহি থাকিবলৈ লয়। আকৌ প্ৰাচীন কালত অসমখন আছিল অনাৰ্য জাতিৰ বাসস্থান আছিল। এই মংগোলীয় গোষ্ঠীৰ লোকসকল বিশেষকৈ আহোমসকল, মুছলমান সকল আৰু বিভিন্ন ৰাজ্যৰ পৰা লোকৰ ভিতৰত কোনোবাই দেশ জয় কৰিবলৈ অসমলৈ আহিছিল। এওঁলোকৰ ভিতৰৰ কোনোবা আকৌ যুদ্ধবন্দী হিচাপে অসমত থাকি গ’ল। এনেদৰে অসমীয়া জাতি গঠন প্ৰক্ৰিয়া সম্ভৱ হৈ উঠিবলৈ ধৰিলে। এটা সম্প্ৰদায়ৰ ভাল লগা কিছুমান ৰীতি-নীতি, আচাৰ ব্যৱহাৰ আন এটা সম্প্ৰদায়েও গ্ৰহণ কৰি ল’লে। সাজপাৰ, আ-অলঙ্কাৰ, দৈনন্দিন ব্যৱহাৰ্য আচবাব, বাচন বৰ্তন সকলোতেই পৰিৱৰ্তন ঘটিবলৈ ধৰিলে। মুকলি মনেৰে আধুনিকতাই প্ৰৱেশ কৰিলে ল’লে অসমীয়া সংস্কৃতিৰ মাজত। কোনেও কাকো জোৰকৈ একো কথাই জাপি দিয়া নাছিলে। এয়াই আছিল স্বতঃ স্ফুত প্ৰক্ৰিয়া। আদান-প্ৰদান, বৰ্ণাঢ্য আৰু বাৰেবৰণীয়াৰ যোগেদি হোৱা সংস্কৃতি।

৮) তাৎপৰ্য বাখ্যা কৰা :-

ক) দেখা যায় সকলোকে বান্ধি থোৱা এনাজৰীডাল আছিল অসমীয়া ভাষা।
উত্তৰ:- ভিন ভিন জনগোষ্ঠীৰ বাসস্থান অসমত ঐক্যৰ সেতু গঢ়ি তুলিছে এই প্ৰদেশৰ ভাষাটোকে বুজাবৰ বাবে কথাফাঁকি ফুটি উঠিছিল। ভাষিক সংমিশ্ৰণে অসমীয়া জাতিটোক আৰু সংস্কৃতিটোৰ বান্ধোনক অধিক কট্কটীয়া কৰিছিল। ইয়াত থলুৱা ভাৱে অনাৰ্য লোকসকলৰ লগতে বাহিৰৰ পৰা অহা ভিন ভিন জাতিৰ লোক সকলও বিভিন্ন সময়ত আহি অসমত বসবাস কৰিছিল। অসমৰ বাহিৰৰ পৰা অহা লোকসকলে অসমীয়া ভাষাটোক নিজৰ ভাষা বুলি গ্ৰহণ কৰিছিল। এওঁলোকে নিজৰ উপভাষাৰে নিজৰ মাজত কথা পাতিলেও প্ৰত্যেকেই অসমীয়া ভাষাৰে কথা কৈ অসমীয়া ভাষাক নিজৰ ভাষা বুলি গ্ৰহণ কৰি উদাৰতাৰ পৰিচয় দিছিলে। অসমৰ থলুৱা জনজাতিৰ লোকসকলে নিজ নিজ জনগোষ্ঠীয় ভাষা জীয়াই ৰখাৰ লগতে সমাজখনৰ সৈতে যোগাযোগ কাৰণে অসমীয়া ভাষাকে ব্যৱহাৰ কৰিছিল। অসমীয়া ভাষাটোক তেওঁলোকে উমৈহতীয়া ভাষাৰূপে গ্ৰহণ কৰিছিল। এই সেঁতু ইমান মজবুত আছিল যে অসমত আহোমে আহোম ভাষাৰে, বাহ্মণ-ক্ষত্ৰিয়ই সংস্কৃতৰে আৰু মুছলমানে আৰবী-ফাৰ্ছীৰে কথা নাপাতে, প্ৰত্যেকেই অসমীয়া ভাষাৰ সেঁতুৰে পাৰ কৰিছিল দৈনন্দিন জীৱন। তেওঁলোকৰ আপোন হৈ পৰিছিল অসমীয়া লোকসকল, আৰু মাতৃভাষা অসমীয়া। এনেদৰেই অসমীয়া ভাষাই ভাষিক সংমিশ্ৰণৰ মাজেৰে বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকসকল ঐক্য আৰু সম্প্ৰীতিৰ এনাজৰীৰে বান্ধি ৰাখিছিলে।

খ) এই গোটেইবোৰ হ’ল স্বতঃপ্ৰণোদিতভাৱে হোৱা প্ৰক্ৰিয়া।
উত্তৰ:- ভিন ভিন জাতি জনজাতিৰ মাজত কলা-সংস্কৃতি, ৰীতি-নীতি আদিৰ সংমিশ্ৰণত বৃহৎ অসমীয়া সংস্কৃতি গঢ়ি উঠা দেখিবলৈ পোৱা গৈছে। ইয়াকে বুজাবৰ বাবে কথাফাকি কোৱা হৈছে।
বিভিন্ন সময়ত আমি মাত-কথা, আচাৰ-ব্যৱহাৰ, সাজ-সজ্জা, ৰীতি-নীতি আদিৰ ক্ষেত্ৰত আমি কেৱল আমাৰ নিজৰটোৱে ধৰি ৰখা নাচিলো। আমি আনকি আনৰ ৰীতি-নীতি, সাজ-সজা আদিবোৰ গ্ৰহণ কৰিছিলো। আমাৰ নিচিনাকৈ অইনেও আমাৰটো গ্ৰহণ কৰি লৈছিল। এনেদৰে জাতিকুলৰ পৰম্পৰাগত প্ৰাচীৰ ভাঙি বিয়া-সবাহ, মৰা-সকাম আদিত ভিন ভিন জাতিৰ লোক একেলগে ভাগ ল’ব পৰা হৈ উঠিছিল। সকলোৱে একগোট হৈ পৰস্পৰে পৰস্পৰৰ উৎসৱ-অনুষ্ঠান আদি বিভিন্ন কাৰ্যক্ষেত্ৰত যোগ দিয়ে। এনেদৰে ভাতৃত্বৰ বান্ধোন কট্কটীয়া হৈ পৰিল। সময়ৰ লগত খোজ মিলাই পৰিৱৰ্তনে সংস্কৃতিলৈ নতুননত্ব আনিলে। নিজ কৰ্মৰ কৰ্ষণ কৰি আমি এক উমৈহতীয়া সংস্কৃতি গঢ়ি তুলিছো। এই সংস্কৃতি মিলনৰ সংস্কৃতি। এই সংস্কৃতি সংহতি আৰু সম্প্ৰীতি ৰক্ষাৰ বাট।

গ) এইয়া আছিল দিয়া-লোৱা আৰু এৰা-ধৰাৰ ব্যৱহাৰ।
উত্তৰ:- অসমীয়া সংস্কৃতিৰ মূলতে হৈছে সমন্বয়। সংস্কৃতি পৰিৱৰ্তনশীল। অসমতো বিভিন্ন জাতি-ধৰ্মৰ মানুহে বসবাস কৰে। ফলত বিভিন্ন জাতি-ধৰ্মৰ মানুহ বসবাস কৰাৰ লগে লগে সংস্কৃতিয়েও ৰূপ সলাইছিল। ইয়াকে বুজাবলৈ গৈ লিখকে কথাষাৰ কৈছে।
অসমত পূৰ্বতে অনাৰ্য জাতিৰ লোকসকলে বসবাস কৰিছিলে। সেই সময়ছোৱাত তেওঁলোকৰ সংস্কৃতি আছিল অসমীয়া। অসমলৈ কালক্ৰমত বিভিন্ন সময়ত বিভিন্ন জনগোষ্ঠীৰ লোক আহিছিলে যদিও তেওঁলোকে নিজৰ মাতৃভূমিৰ ভাষা-সংস্কৃতিৰ পৰিহাৰ কৰি অসমীয়া সংস্কৃতি আৰু ভাষা নিজৰ বুলি গ্ৰহণ কৰি লৈছিল। তেওঁলোকে নিজৰ কিছুমান সংস্কৃতি এৰিছিলে আৰু পূৰ্বৰ কিছুমান সংস্কৃতিৰ সৈতে যোগ দিলে। সেৱা হ’ল সকলোৱে মিলি অসমীয়া ভাষাটো গ্ৰহণ কৰি ল’লে। সকলোৱে নিজৰ লগত লৈ অহাবোৰক ধৰি নাথাকি ভাষা-সংস্কৃতিক আঁকোৱালি লোৱাৰ লগতে পৰস্পৰৰ ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, সাজ-সজ্জা, ৰন্ধন প্ৰকৰণ আদিও গ্ৰহণ কৰি ল’লে। কোনেও কাকো জোৰকৈ একো জাপি দিয়া নাছিলে। ফলত গঢ়ি উঠিল এটা সংমিশ্ৰিত সংস্কৃতি। এই সংমিশ্ৰিত সংস্কৃতিয়ে হৈছে অসমীয়া সংস্কৃতি। এনেদৰে ভিন্ন সম্প্ৰদায়ৰ মাজৰ সমন্বয় সাধন হৈ বাৰেবৰণীয়া অসমীয়া সংস্কৃতি গঢ়ি উঠিল – এয়া আদৰ্শ সংস্কৃতি। এনে সংস্কৃতি গঢ়িবলৈ প্ৰত্যেক সম্প্ৰদায়ে এৰা-ধৰাৰ নীতি পালন কৰিছিলে।

ভাষা- বিষয়কঃ
১) সন্ধি ভাঙা ঃ
সংস্কৃতি, জলাঞ্জলি, স্বাধীন।
উত্তৰ:- সংস্কৃতি = সম + কৃতি।
জলাঞ্জলি = জল + অঞ্জলি।
স্বাধীন = স্ব + অধীন।

২) `প্ৰ’ উপসৰ্গ লগ লগাই তিনিটা শব্দ গঠন কৰা।
উত্তৰ:- প্ৰয়োগ, প্ৰগতি, প্ৰণাম।

৩) বাক্য ৰচনা কৰা ঃ
ভাষা-সংস্কৃতি, পূজা-পাৰ্বণ, বেপাৰ-বাণিজ্য, সহজ-সৰল, দিয়া-লোৱা, এৰা-ধৰা।
উত্তৰ:- ভাষা-সংস্কৃতি:- অসমত বসবাস কৰা প্ৰতিটো জাতি-জনগোষ্ঠীৰ একোটাকৈ নিজা ভাষা-সংস্কৃতি আছে।
পুজা-পাৰ্বন :- হিন্দু সমাজৰ বাহ্মণসকলে পুজা-পাৰ্বনত মুখ্য ভূমিকা পালন কৰে।
বেপাৰ-বাণিজ্য :- বেপাৰ-বাণিজ্যিৰ বিস্তাৰে অৰ্থনৈতিক পৰিৱৰ্তন সূচনা কৰে।
সহজ-সৰল :- সহজ-সৰল লোকে আনৰ সুখত নিজৰ সুখ অনুভৱ কৰে।
দিয়া-লোৱা :- যেতিয়া এজনী ছোৱালীৰ বিবাহ কাৰ্য সম্পন্ন কৰা হয় তেতিয়া অসমীয়া সমাজত কিছুমান দিয়া-লোৱা কাৰ্য কৰা হয়।
এৰা-ধৰা :- যিকোনো এটা সম্পৰ্ক দীঘলীয়া ভাৱে চলাই নিবলৈ হ’লে সৰু সৰু কথা কিছুমান এৰা-ধৰা কৰিবলগীয়া হয়।

অতিৰিক্ত প্ৰশ্নোত্তৰ:-

১) অতি চমু প্ৰশ্নোত্তৰঃ

ক) অতীতত অসমৰ আন এটা নাম কি আছিল?
উত্তৰ:- অতীতত অসমৰ আন এটা নাম আছিল কামৰূপ।

খ) পূব পাকিস্তানক বৰ্তমান কি নামেৰে জনাজাত।
উত্তৰ:- পূব পাকিস্তানক বৰ্তমান বাংলাদেশ নামেৰে জনাজাত।

গ) অসমত আদিৰে পৰা প্ৰচলিত ধৰ্ম দুটা কি কি?
উত্তৰ:- অসমত আদিৰে পৰা প্ৰচলিত ধৰ্ম দুটা হ’ল – হিন্দুৰ তান্ত্ৰিক ধৰ্ম আৰু বৌদ্ধ ধৰ্ম।

ঘ) অসমলৈ অহা প্ৰথম বহিৰাগত গোষ্ঠী কোন?
উত্তৰ:- মংগোলীয়সকল অসমলৈ অহা প্ৰথম বহিৰাগত গোষ্ঠী।

ঙ) মুছলমান সকল অসমলৈ কেতিয়া আহিছিল?
উত্তৰ:- মুছলমান সকল কুৰি শতিকাৰ চতুৰ্থ দশকত অসমলৈ আহিছিল।

চ) অসমৰ স্বাধীনতা সূৰ্য কেতিয়া অস্ত গ’ল?
উত্তৰ:- ইয়াণ্ডাবু সন্ধিৰ পাছৰে পৰা অসমৰ স্বাধীনতা সূৰ্য অস্ত গ’ল।

ছ) বঙ্গদেশৰ পৰা কি কি খাদ্যসম্ভাৰ অসমত প্ৰৱেশ কৰে।
উত্তৰ:- ৰসগোল্লা, লালমোহন, চিঙ্গাৰা আদি বঙ্গদেশৰ পৰা খাদ্য সম্ভাৰ অসমত প্ৰৱেশ কৰে।

জ) জাহ যোৱাৰ এটা প্ৰধান উপায় কি?
উত্তৰ:- জাহ যোৱাৰ এটা প্ৰধান উপায় হ’ল ভাষা গ্ৰহণ।

Leave a Reply

Your email address will not be published. Required fields are marked *